মানুহবোৰ মৰিছে

কাকো বেয়াকৈ নক’ব, পিছত আপুনিয়েই  অনুশোচনাত দগ্ধ হ’ব লাগিব| আজি আপুনি টান কথা শুনোৱা  মানুহজন কাইলৈ নাথাকিবও পাৰে হঠাতে শুনিব- মানুহজন  প্ৰেছাৰ ষ্ট্ৰ’ক হৈ ICUত আছে| তাৰ পিছতে সকলো শেষ| দেশৰ অৱস্থা সম্প্ৰতি এনেকুৱাই হৈছে৷ পূৰ্বে কাহানিও নোহোৱা-নোপোজা  পৰিস্থিতিৰ গ্ৰাসত পৰিছে অসম| কাৰণ কি কোনেও নাজানে, কিন্তু মৃত্যু  বৰ্তমান হৈ পৰিছে তেনেই সহজ| মধ্য অসমৰ এখন গাঁৱত নামঘৰত চাকি জ্বলাই থাকোতেই এজন লোক হৃদৰোগত আক্ৰান্ত হৈছিল| ইতিমধ্যে লোকজনৰ মৃত্যু ঘটিছে| নিশা ভাত খাই ভালদৰে শোৱা মানুহজনৰ পুৱা শৌচাগাৰৰ পৰা ওলোৱাৰ পিছতে প্ৰেছাৰ ষ্ট্ৰ’ক হৈছে| জোঁৱায়েকৰ তিলনীৰ বাবে কলপাত কাটি থাকোতেই শোণিতপুৰৰ এখন গাঁৱত ষ্ট্ৰ’কত আক্ৰান্ত হৈছিল জেঠাল| তেওঁৰো মৃত্যু ঘটিছে| আগেয়ে মৃত্যু আছিল জীৱনৰ সবাতোকৈ নিৰ্মম বাস্তৱ|কিন্তু এতিয়া সকলোৱে  মানি ল’বলৈ শিকিছে মৰণক| কাৰোবাৰ আকস্মিক মৃত্যুৰ খবৰ পালেও কোনো এতিয়া আচৰিত নহয়| চিনাকি মানুহৰ তালিকাখন ক্ৰমে চমু হৈ আহিছে| আপোনাৰ-মোৰে নহয়, সকলোৰে৷ আগবেলা বাৰীত কাম কৰি থকা লোকজনো গধূলিলৈ অসুস্থ হৈ পৰিছে| কি কাৰণত মানুহবোৰ পোক-পৰুৱাৰ দৰে মৰিছে সেয়া কোনেও নাজানে, কিন্তু কিবা এটা যে  বিসংগতি হৈছে সেয়াও খাটাং|

Please follow and like us:
Pin Share

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

RSS
Follow by Email