আমি আগতেই কৈছিলোঁ
ৰিয়ান পৰাগক টীম ইণ্ডিয়াৰ পৰা বাহিৰ কৰিবলৈ অহৰ্নিশে চলি আছে চক্ৰান্ত৷ দৰাচলতে প্ৰথম মেচত ৰিয়ানে ভাল প্ৰদৰ্শন কৰে বুলিয়েই শংকিত হৈছিল BCCIৰ শক্তিশালী লবী৷ কিন্তু ৰিয়ান চাপৰ চিকাৰ হোৱাৰ ফলত সহজ হৈ পৰিল শত্ৰপক্ষৰ কাম৷
হয়
ৰিয়ানে IPLত দুৰ্দান্ত প্ৰদৰ্শন কৰাৰ ফলত জাতীয় দললৈ নিৰ্বাচন নিশ্চিতভাৱে সহজ হৈ পৰিছিল৷ কিন্তু বিষয়টোত শক্তিশালী ভূমিকা গ্ৰহণ কৰিছিল BCCIৰ যুটীয়া সচিব দেৱজিৎ শইকীয়াই৷
BCCIৰ উত্তৰ ভাৰতীয় লবীক প্ৰতিহত কৰি দেৱজিৎ শইকীয়াই ৰিয়ানৰ প্ৰতিভা মানি ল’বলৈ নিৰ্বাচক মণ্ডলীক বাধ্য কৰাইছিল৷ সেইখিনিলৈ সকলো ঠিকেই চলি আছিল৷
কিন্তু ৰিয়ানৰ কিছুমান অপকৰ্মই অংকত আউল লগালে৷ বিগত সময়ত ঘৰুৱা ক্ৰিকেটৰ মেচৰ পিছত ৰিয়ানে আঙুলিৰে বিশেষ ইংগিত দিছিল৷ মেচত অৰ্ধ-শতক কৰি ৰিয়ানে ন’ ৱান এট মাই লেভেল অৰ্থাৎ মোৰ সমান কোনো নহয় বুলি ইংগিত দিছিল৷
তদুপৰি শেহতীয়াকৈ টি-২০ বিশ্বকাপৰ প্ৰতিও কোনো আগ্ৰহ নাই বুলি স্পষ্টকৈ জনাই দিছিল ৰিয়ানে৷ এই সকলোবোৰৰ বিষয়ে ব’ৰ্ডৰ উচ্চস্তৰীয় সূত্ৰই তথ্য লাভ কৰিছে৷ আনকি নিৰ্বাচক মণ্ডলীকো ৰিয়ান অহংকাৰী বুলি জনাইছে টুটকীয়াই৷
যাৰ বাবে ৰিয়ানৰ প্ৰতি অসন্তুষ্ট হৈ পৰিছে ব’ৰ্ডৰ শীৰ্ষ কৰ্তৃপক্ষ৷ সেয়ে তেওঁৰ বিৰুদ্ধে দয়াহীন আচৰণ প্ৰদৰ্শন কৰা হৈছে৷ সচৰাচৰ কেৰিয়াৰৰ প্ৰথম শৃংখলাত বিফল হ’লেও চাপৰ চিকাৰ হোৱা বুলি ৰেহাই দিয়া হৈছিল ক্ৰিকেট খেলুৱৈক৷ কিন্ত ৰিয়ানক সুযোগ দিয়াৰ পক্ষত নাই ব’ৰ্ড৷
গতিকে এতিয়া ৰিয়ানে অধিক কষ্ট কৰিব লাগিব৷ দেখুৱাই দিব লাগিব নিজৰ দক্ষতা৷