ৰকষ্টাৰ- একক গীত তথা ভিডিঅ’ মুকলি

বিশ্ববিখ্যাত ৰেপাৰ, গায়িকা, নৃত্যশিল্পী আৰু ষ্টাইল আইকন লিছা (লালিছা মেন’বল) লাউড কোম্পানী/আৰ চি এ ৰেকৰ্ডছৰ জৰিয়তে নতুন একক গীত ৰকষ্টাৰ মুকলি কৰে। ৰকষ্টাৰে লিছাৰ নিপুণ ৰেপ শক্তিধৰ পপ কণ্ঠৰ মাজত অনায়াসে বৈ যোৱাৰ ক্ষমতা প্ৰদৰ্শন কৰিছ৷ যেতিয়া তেওঁ গায়- “গ’ল্ড টীথ অন দ্য ডেছ ছী এ ৰকষ্টাৰ৷ মে’ক য়ৰ ফেভাৰিট ছিংগাৰ ৱানা ৰেপ বেবী লালা”- তেতিয়াই এই ক্ষমতা প্ৰতিফলিত হয়৷ নতুন একক গীতটোৰ প্ৰযোজক হৈছে ৰিয়ান টেডাৰ আৰু ছেম হোমি।

গীতটোৰ সৈতে সংগতি ৰাখি লিছাই হেনৰী শ্ব’ফিল্ডৰ পৰিচালনা আৰু শ্বেন বেংকহেডৰ কৰিঅ’গ্ৰাফীৰে ৰকষ্টাৰৰ অফিচিয়েল ভিডিঅ’ও মুকলি কৰিছে। বেংককত দৃশ্যগ্ৰহণ কৰা এই ভিডিঅ’টোত লিজাই থাই সংস্কৃতি আৰু প্ৰামাণিক থাই ষ্ট্ৰীট জীৱনৰ গীতেৰে চহৰখন দখল কৰাৰ দৃশ্য প্ৰদ্ৰ্শন কৰিছে৷ কাৰণ তেওঁ ক’ৰিঅ’গ্ৰাফীৰ সৈতে প্ৰকৃত ৰকষ্টাৰ ভাৱমূৰ্তিক মূৰ্ত কৰি তুলিছে।

লিছাই প্ৰথমবাৰৰ বাবে চলিত মাহৰ আৰম্ভণিতে ছ’চিয়েল মিডিয়াত একক গীতটো মুকলি কৰিছিল৷ টিকটক একাউণ্ট মুকলিৰ জৰিয়তে সমজুৱা কৰা গীতটোৱে ২ ঘণ্টা ১৮ মিনিটত ১ মিলিয়ন অনুগামী লাভ কৰি গিনিজ বিশ্ব অভিলেখ সৃষ্টি কৰিছিল৷ গত সপ্তাহত তেওঁ এই একক গীতৰ কথা ঘোষণা কৰিছিল আৰু অনুৰাগীৰ লগতে ৰলিং ষ্টোন, বিলবোৰ্ড আদিৰ দৰে গীতৰ আছিল বহু উৎকণ্ঠা৷

ৰকষ্টাৰ’ হৈছে লিছাৰ প্ৰথম একক গীত৷ যি গীত তেওঁৰ পৰিচালনা কোম্পানী লাউড কোম্পানী আৰু আৰ চি এ ৰেকৰ্ডছৰ সৈতে নতুন অংশীদাৰিত্বৰ অধীনত মুকলি কৰা হৈছে। চলিত বৰ্ষৰ আৰম্ভণিতে স্থাপিত হোৱা লাউড কোম্পানী লিজাই প্ৰতিষ্ঠা কৰিছিল, যাতে সংগীত আৰু মনোৰঞ্জনৰ ক্ষেত্ৰত তেওঁৰ সামগ্ৰিক দৃষ্টিভংগী প্ৰদৰ্শনৰ বাবে এক মঞ্চ সৃষ্টি হয়৷ যি সীমাবদ্ধতাক প্ৰসাৰিত কৰে৷

লিজা জনপ্ৰিয় কে-পপ ছোৱালী গ্ৰুপ ব্লেকপিংকৰ সদস্য হিচাপে পৰিচিত। ব্লেকপিংকৰ উপৰি লিজাই একক শিল্পী হিচাপে বিশ্বজুৰি কেবাটাও অভিলেখ ভংগ কৰিছে৷ তেওঁৰ একক গীত লালিছাই বিলব’ৰ্ড গ্ল’বেল ২০০ৰ শীৰ্ষ ১০ ৰ ভিতৰত স্থান লাভ কৰিছে৷ তদুপৰি মানীয়ে আমেৰিকা আৰু ব্ৰিটেইনৰত বিলব’ৰ্ড হট ১০০ একক তালিকাত মহিলা কে-পপ শিল্পীয়ে গোৱা গীত হিচাপে সৰ্বাধিক সময়ৰ বাবে স্থান দখল কৰিছিল৷

লিজাই ২০২৩ চনত তিনিটা গীনিজ বিশ্ব অভিলেখ ভংগ কৰিছিল৷ তেওঁ হৈছে কে-পপ শিল্পী হিচাপে সৰ্বাধিক ইনষ্টাগ্ৰাম অনুগামী থকা গায়িকা৷ (বৰ্তমান প্লেটফৰ্মত ১০২ মিলিয়ন অনুগামী) তেওঁ এম টি ভি ভিডিঅ’ মিউজিক এৱাৰ্ড আৰু এম টি ভি দুয়োটাতে প্ৰথম একক কে-পপ বিজয়ী ইউৰোপীয় সংগীত শিল্পী৷

সংগীতৰ উপৰি লিজাই এইচ বি অ’ৰ জনপ্ৰিয় অৰিজিনেল শৃংল দ্য হোৱাইট ল’টাছৰ আগন্তুক ছিজনত অভিনয়ৰ বাবে সাজু হৈছে।

সংগীতত বিশ্বব্যাপী আধিপত্য আৰু অতুলনীয় মঞ্চ উপস্থিতিৰ লগতে অনন্য ফেশ্যন শৈলী তথা সমসাময়িক শৈলীৰ বাবে লিজা পৰিচিত৷ যাৰ ফলত তেওঁ গোলকীয় ফেশ্যন উদ্যোগত শক্তি হিচাপে পৰিগণিত হৈছে। একাধিক বৃহৎ অংশীদাৰিত্ব লাভ কৰাৰ লগতে তেৱেঁই বৰ্তমান বুলগেৰিৰ পৰিচিতি৷

Please follow and like us:
0

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

Social media & sharing icons powered by UltimatelySocial