মুঠতে যিয়ে যিমানে ভুল কৰিলেও দোষ স্বীকাৰ কৰাই কাম হৈছে ৰণোজ পেগুৰ৷ একালৰ শক্তিশালী মিচিং জাতীয়তাবাদী নেতাজন মন্ত্ৰীসভাত পৰিগণিত হৈছে অৰ্থব-অযোগ্য মন্ত্ৰীলৈ৷
আৰ্মকাৰ নেতা হৈ সৰ্বহাৰাৰ মুক্তি সংগ্ৰামৰ নেতৃত্ব দিয়া ডাক্তৰ পেগু ডাঙৰীয়াৰ সাম্প্ৰতিক কাম হৈছে শুধৰণি দিয়া৷
দোষ মূৰ পাতি লৈ থকাৰ বাবে কাৰ্যকালত কাম কৰিবলৈয়ো পেগুৱে সময় পোৱা নাই৷
বিগত সময়ত মেট্ৰিকৰ প্ৰশ্নকাকত ফাদিল হ’ল৷ প্ৰথমে পেগুৱে ক’লে নাই হোৱা, সকলো গোকাট মিছা৷
কিছুপৰৰ পিছতে ক’লে হৈছে, সঁচা কথা৷
পৰীক্ষা হৈ যোৱাৰ পিছতো পেগুৱে শান্তি নাপালে৷ শিক্ষামন্ত্ৰীৰ ভুৱা টুইটৰ স্ক্ৰীনশ্বট ওলাই কাইলৈয়েই ৰিজাল্ট দিব বুলি গোটেইখন ৰৌজাল-বৌজাল হ’ল৷
পেগুৱে আকৌ ক’লে- কাইলৈ ৰিজাল্ট নিদিও৷ কিন্তু কোনোবাই পিছদিনাই ৰিজাল্ট দিয়াই দিলে৷ তাৰ পিছত আকৌ একেধৰণৰ কাণ্ডই ঘটিল৷ সেইবাৰ পেগু মনে মনে থাকিল৷
শেষত শিক্ষাসেতুৰ নামতো পেগুৰ লটি-ঘটি হ’ল৷ শিক্ষকৰ লগতে যুঁজি শিং ধৰাই থাকিলে শিক্ষামন্ত্ৰীয়ে৷
শেহতীয়াকৈ আকৌ হ’ল PRC কাণ্ড৷ এইবাৰো পেগুৱেই স্পষ্টীকৰণ দিবলগীয়া হ’ল৷
কিছুদিন আগতে আকৌ শিক্ষাসেতু এপত শিক্ষকৰ অনুপস্থিতিক লৈ ওলোৱা জাননী এখনত কলেজ শিক্ষক অন্তর্ভুক্ত নহয় বুলি শুধৰণি দিলে৷
মুঠতে স্পষ্টীকৰণ দি দি ভাগৰি পৰিছে ৰণোজ পেগু৷ এসময়ত পেগুক অসমৰ প্ৰথম মিচিং মুখ্যমন্ত্ৰী বুলি কল্পনা কৰাসকলো হৈ পৰিছে হতাশ৷
দিছপুৰৰ ক্ষমতাৰ কৰিড’ৰত বাৰম্বাৰ অপমানিত হৈছে ৰণোজ পেগু৷ একালৰ শুভাকাংক্ষীয়ে বিচাৰিছে- পদত্যাগ কৰক ৰণোজ পেগুৱে৷