বেপাৰীৰ বেশত গাঁৱত চোৰ

আইনাৰ ভঙা বটল কিনিবলৈ বেপাৰী বিচাৰি নুফুৰিব

প্লাষ্টিকৰ পেলনীয়া বেচিবলৈয়ো ৰাস্তাৰ পৰা মাতি নানিব বেপাৰীক

অন্যথা খালী হৈ যাব গোহালি৷ ঘৰৰ পিছফালৰ পৰা ভঙা বটল বুটলি নিবলৈ বেপাৰীক সুমুওৱাৰ দৰে কাম ভুলতো নকৰিব৷ এনেকুৱা কৰিলে কেইটকামানৰ বাবে আপুনি হেৰুৱাব পাৰে জীৱনৰ সমস্ত আৰ্জন৷

এই কথা কৈছে আৰক্ষীৰ শীৰ্ষ মহলে৷ নাম প্ৰকাশত অনিচ্ছুক বিষয়াই সদৰী কৰা অনুসৰি কেবাখনো জিলাত সংঘটিত চুৰিকাণ্ডৰ সৈতে ডাইৰেক্ট কানেকশ্যন আছে কাৱাৰিলৈ প্লাষ্টিক অথবা লোহা-লক্কৰ গোটোৱা বেপাৰী আৰু গাঁৱে-ভূঞে মগ নতুবা বাল্টি বেচি ফুৰা পোহাৰীৰ৷

দিনত নিমাখিত মুখেৰে গাঁৱত বেপাৰ কৰা দৰিদ্ৰ ল’ৰাবোৰ হৈছে গৰুচোৰ আৰু ডকাইতৰ এজেণ্ট৷ এইসকলে ঘৰৰ পিছফালে সোমাবলৈ পালে দুৱাৰৰ নিৰীক্ষণ কৰে৷ নিয়োগ কৰা লোক জনাবলৈ ঘৰখনত সোমাবলৈ কোনফালে সুবিধাজনক সেয়াও আলেঙে আলেঙে চাই যায় এইসকল যুৱকে৷

অসমৰ গ্ৰাম্য এলেকাৰ লোকে আকৌ পুৰণি পে’পাৰ আৰু প্লাষ্টিকৰ পেলনীয়া জুখিবলৈ ঘৰৰ পিছফালে মাতে অচিনাকি যুৱকক৷ ফলত তেওঁলোকে গোহালিৰ পৰা কোনফালে গৰু উলিয়াই নিব পৰা যাব সেয়াও নিৰীক্ষণ কৰিব পাৰে৷

সামান্য অসাৱধানতাৰ ফলতে নিৰীহ যেন লগা এইদল বেপাৰীয়ে ঘৰৰ বিষয়ে লাভ কৰে সকলো তথ্য৷ হু দয়াপৰৱশ লোকে আকৌ গৰমত ঘামি-জামি ঘূৰি ফুৰা যুৱকসকলক ঘৰৰ ভিতৰত বহুৱাই চাহো খুৱায়৷ কিন্তু সেই কাম গাখীৰ খুৱাই সাপ পোহাৰ দৰে হৈ পৰে৷

ফলত নাম প্ৰকাশত অনিচ্ছুক আৰক্ষী বিষয়াই কাৱাৰিৰ বাবে পেলনীয়া সামগ্ৰী গোটোৱা আৰু পোহাৰীক ঘৰৰ ভিতৰত নুসুমুৱাবলৈ ৰাইজক আহ্বান জনাইছে৷ কিয়নো এইসকলেই টাৰ্গেট কৰি থকা ঘৰখনৰ বিষয়ে সকলো তথ্য চোৰ-ডকাইতক যোগান ধৰে৷ আনকি ঘৰত কোন কোন আছে তাৰ তথ্যও গোটাবলৈ চেষ্টা কৰে এইসকলে৷

গতিকে ৰাইজ, দুপইচাৰ লোভত ঘৰত নুসুমুৱাব চোৰৰ এজেণ্ট৷

Please follow and like us:
Pin Share

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

RSS
Follow by Email