নাৰীলোভে ধ্বংস কৰা নেতাৰ কাহিনী

দীঘলীয়া তালিকা এখনত নাম সন্নিৱিষ্ট হ’ল গোকুল বৰ্মনৰ৷ অভিসাৰী নেতা হিচাপে প্ৰমাণিত হোৱাৰ পিছতে গোকুলৰ ৰাজভোগৰো অন্ত পৰিল৷

মুখ্যমন্ত্ৰিত্বৰ কালত প্ৰফুল্ল মহন্ত আৰু সংঘমিত্ৰা ভৰালী নামৰ মহিলাগৰাকীৰ সম্পৰ্কৰ অভিযোগে যেনেদৰে খলকনি তুলিছিল, সেইধৰণৰ পৰিস্থিতিৰ বলি হ’ল গোকুল৷ নিজকে কোচ-ৰাজবংশী সম্প্ৰদায়ৰ সৰ্বময়কৰ্তা হিচাপেই ভাবিবলৈ লোৱা গোকুল বৰ্মনৰ ৰাজনৈতিক কুলমৰ্যাদা নোহোৱা হৈ গ’ল৷

কিছুদিনৰ আগলৈ যেনেকৈ কমতাপুৰ স্বয়ত্তশাসিত পৰিষদৰ মুৰব্বী হিচাপে গোকুল বৰ্মনৰ প্ৰতিপত্তি আছিল, তেনেকৈ প্ৰভাৱশালী আছিল অগপৰ আমোলৰ মন্ত্ৰী দ্বিগন বৰাও৷ কিন্তু হোটেলৰ শয্যাত সুন্দৰীৰ বাহুবন্ধনত আবদ্ধ হৈ থকা অৱস্থাত যেতিয়া দ্বিগেন বৰা ধৰিল, তেতিয়াই নোহোৱা হৈ গ’ল প্ৰতিপত্তি৷

একেদৰেই কম বয়সতে অপাৰ ক্ষমতা আৰু ধনে মূৰত ধৰিছিল গোকুলৰ৷ পত্নী-পুত্ৰৰ সৈতে সুখৰ সংসাৰৰ পিছতো গোকুলে ডিব্ৰুগড়ৰ হোটেলত ৰাত্ৰি যাপন কৰিছিল কনিষ্টবল প্ৰেয়সীৰ সৈতে৷ বহুদিনীয়া প্ৰণয়ৰ পিছত গোকুলেও কৰি পেলাইছিল সংসাৰৰ অংক৷ পিছে তাতেই খেলিমেলি হ’ল৷ প্ৰথমা পন্তীৰ সতিনী হ’ব খৰধৰ কৰা প্ৰেয়সীক টঙনিয়াই গোকুল ধৰা পৰিল৷ তাৰ পিছতে বহুদিন দিছপুৰত অংক চলি থাকিল৷

কিন্তু ধমকৰ পিছতো গোকুলে ৰাজভোগ এৰি দিয়া নাই বুলি জানিয়েই খৰ্গহস্ত হৈ পৰিল মুখ্যমন্ত্ৰী৷ গতিকে গোকুল কাৰ্যতঃ পলাল৷

এতিয়া প্ৰফুল্ল মহন্ত আৰু দ্বিগেন বৰাৰ উপৰি একালৰ প্ৰভাৱশালী যুৱ কংগ্ৰেছী প্ৰাণজিৎ চৌধুৰীৰ নামো থকা তালিকাখনত সন্নিৱিষ্ট হ’ল গোকুল বৰ্মন৷ ২০১৬ চনৰ নিৰ্বাচনৰ পূৰ্বে এগৰাকী যুৱতীৰে অবৈধ সম্পৰ্কৰ অভিযোগে জৰ্জৰিত কৰা প্ৰাণজিৎ তেতিয়া আছিল যুৱ কংগ্ৰেছৰ সভাপতি৷ কিন্তু তাৰ পিছত নোহোৱা হৈ গ’ল কমলপুৰৰ কংগ্ৰেছী নেতাজন৷

একেদৰে লখিমপুৰৰ কংগ্ৰেছী জয়প্ৰকাশ দাসো নাৰী কেলেংকাৰিৰ পিছতে ৰাজনীতিত নোহোৱা হৈ গ’ল৷ সম্ভৱতঃ অসমৰ ৰাজনীতিৰ পৰা একেদৰেই অন্তৰ্ধান হৈ যাব গোকুল বৰ্মন৷

Please follow and like us:
Pin Share

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

RSS
Follow by Email