চালনীয়ে বেজীক হাঁহে তই ফুটা
এতিয়াৰ ৰাজনীতিৰ কথাবোৰো তেনেকুৱাই হৈছে৷ শেহতীয়াকৈ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই গুৱাহাটীৰ কংগ্ৰেছ প্ৰাৰ্থী মীৰা বৰঠাকুৰক টিভিৰ নেট্ৰীহে বুলি কটাক্ষ কৰিছে৷
গুৱাহাটীৰ বিজেপি প্ৰাৰ্থী বিজুলী কলিতা মেধিয়েও কৈছে
মই মুখ খুলিলে গুৱাহাটীত থাকিব নোৱাৰিব মীৰা বৰঠাকুৰ
কিন্তু আচৰিতভাৱে গুৱাহাটী সমষ্টিত পূৰ্বে প্ৰচাৰৰ সময়ত এনে বজৰুৱা আচৰণ কোনো প্ৰাৰ্থীয়ে কৰা নাছিল৷ আনকি বিগত নিৰ্বাচনৰ বিজেপি প্ৰাৰ্থী কুইন ওজায়ো প্ৰতিদ্বন্দ্বী ববিতা শৰ্মাক ভগ্নীসম বুলিয়েই অভিহিত কৰিছিল৷
গুৱাহাটী লোকসভাৰ আসনখন তাহানিয়েই মযাদাসম্পন্ন কৰি তুলিছিল কিংবদন্তী বাঁওপন্থী নেতা গৌৰীশংকৰ ভট্টাচাৰ্যই৷
হেম বৰুৱাও গুৱাহাটীৰ পৰা সাংসদ হৈছিল৷ গুৱাহাটীৰ পৰাই অসম আন্দোলনৰ পিছত জিকি গৈছিল দীনেশ গোস্বামী৷ যিসকলক সন্মান কৰিবলৈ দেশৰ প্ৰধানমন্ত্ৰীও বাধ্য হৈছিল৷
সংসদত হেম বৰুৱাক প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৱে সমীহ কৰিবলৈ বাধ্য হৈছিল৷ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ সন্মানৰ পাত্ৰ আছিল সাংসদ দীনেশ গোস্বামী৷ দেশ-জাতিৰ প্ৰতি নিঃস্বাৰ্থ সেৱা আৰু পাণ্ডিত্য আছিল তেওঁলোকৰ মূলধন৷
আনকি বিজেপিৰ বিজয়া চক্ৰৱৰ্তী আৰু কংগ্ৰেছৰ কিৰিপ চলিহাও আছিল ব্যক্তিত্বশালী৷
কিন্তু সকলোৱে ব্যক্তিত্বশালী বুলি ভবাৰ পিছতো মখ খুলিয়েই বিজুলী কলিতা মেধিয়ে সকলোকে হতভম্ব কৰিলে৷ কাৰ্যতঃ তেওঁ চৰিত্ৰহনন কৰিলে মীৰা বৰঠাকুৰৰ৷
আনহাতে গুৱাহাটীত প্ৰচাৰৰ সময়ত জয়ন্ত মল্লবৰুৱাই শুকুৰ আলীৰ সৈতেও মীৰা বৰঠাকুৰৰ তুলনা কৰিলে৷
গৌৰীশংকৰ ভট্টাচাৰ্য, হেম বৰুৱা অথবা দীনেশ গোস্বামীয়ে প্ৰতিনিধিত্ব কৰা গুৱাহাটীৰ মৰ্যাদা হানি কৰিলে নেতাৰ মুখৰ চৰম তৰল কথাই৷ প্ৰচাৰৰ নামত তেওঁলোকে ব্যক্তিত্বও বিসৰ্জন দিলে৷