মূৰটো কামুৰিলেই কঁপালত ভিক্স সনাটো বহুতৰে অভ্যাস৷ কিন্তু লাহে লাহে এই অভ্যাস বাদ দিয়ক৷ কাৰণ পূৰ্বে ৮০ টকাত পোৱা ভিক্সৰ টেমাটোৰ দাম এতিয়া ডেৰশ টকালৈ বাঢ়িল৷
হাপানীজনিত ৰোগত আক্ৰান্ত বহুতে আকৌ বছৰৰ ১২ মাহেই ব্যৱহাৰ কৰিব লাগে ইনহেলাৰ৷ প্ৰায় দুবছৰ আগলৈ ৩০০ টকাত উপলব্ধ ইনহেলাৰৰ সাম্প্ৰতি দাম ৮৬২ টকা৷
নাকত দিয়া ঔষধৰ দামো বিগত কিছুদিনৰ ভিতৰত আকাশলংঘী হাৰত বৃদ্ধি হৈছে৷ Otrivin নামৰ নেজেল স্প্ৰে’ৰ দাম ৩৫ টকাৰ পৰা হৈছেগৈ ১০৭ টকা৷
ৰ’ব, ঐষধৰ দাম বৃদ্ধিৰ বৰ্ণনা ইয়াতে শেষ হোৱা নাই- হাইপ্ৰেছাৰৰ ৰোগীয়ে পূৰ্বে ৫৫ টকাত যিবিধ দৰৱ পাইছিল, এতিয়া সেই ঔষধৰ দাম হৈছে ১০৫ টকা৷
দৰিদ্ৰ ডায়েবেটিছ ৰোগীয়েও এতিয়া সহজে দৰৱ খাব নোৱাৰে৷ কাৰণে ডায়েবেটিছৰ ঔষধৰ দাম বিগত কিছুদিনৰ ভিতৰত ৫৭ শতাংশ বৃদ্ধি হ’ল৷ বহুমূত্ৰ ৰোগীৰ বাবে প্ৰয়োজনীয় ইনছুনিৰ দামো ৩০০ টকাকৈ বৃদ্ধি হৈছে৷
শেহতীয়াকৈ প্ৰকাশিত খবৰ অনুসৰি যিবিধ দৰৱ ৫০ পইচাত উৎপাদিত হয়, সেইবিধৰ বজাৰমূল্য নিৰ্ধাৰণ কৰা হয় কমেও ১০ টকা৷
শ্বাস-প্ৰশ্বাসজনিত ৰোগৰ বাবে প্ৰয়োজনীয় ডুৱলিন নামৰ দৰবিধৰ ছমাহৰ পূৰ্বে দাম আছিল ৩৪১ টকা৷ তিনিমাহৰ পূৰ্বে সেই দৰ ৩৭৫ টকালৈ বাঢ়িল৷ সম্প্ৰতি দৰৱবিধ বজাৰত ৪১২ টকাত উপলব্ধ৷
চকুৰ অসুখ নিৰাময়ৰ বাবে ব্যৱহৃত আইড্ৰপৰ দাম কিছুদিন আগলৈ আছিল ৪০০ টকা৷ সেই দৰ সম্প্ৰতি ৭০০লৈ বাঢ়িল৷ গ্লুক’মা ৰোগীয়ে ওৰে জীৱন ব্যৱহাৰ কৰিবলগীয়া দৰবৰ দৰো ৩০০ৰ পৰা ৮০০ টকালৈ বৃদ্ধি হ’ল৷
সাধাৰণ জ্বৰ বা গাৰ বিষৰ টেবলেটৰ দামো ১২০ টকালৈ বাঢ়িল৷ কেনুলাৰ দাম ৭৬ৰ ২২৫ টকা হ’ল৷ চেলাইনৰ পাইপডালৰ দামো ৫০ৰ পৰা হ’লগৈ ১৫০ টকা৷ কেথেটাৰৰ পাইপৰ দাম এমাহৰ ভিতৰতে ২০০ৰ ৫৫০ টকা হ’ল। একেদৰে বিষৰ সামান্য দৰৱৰ দামো ৩৯ টকাপৰ্যন্ত বৃদ্ধি হৈছে৷
নিৰ্বাচনৰ মাজতে আকৌ চৰকাৰে বৃদ্ধি কৰিলে ৮০০ প্ৰকাৰৰ দৰৱৰ দাম৷ তাৰ পিছতো নাই প্ৰতিবাদ৷ ক’লে বেয়া শুনি- কিন্তু দৰিদ্ৰ জনতাই দৰৱ খোৱা বাদ দিয়াই ভাল৷ ৰোগ উপশমৰ বাবে ধন ভৰি দৰৱ কিনিব নোৱাৰা জনতাক ইচ্ছামৃত্যুৰে অনুমতি দিব লগে চৰকাৰে৷